মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা তিনিগৰাকী সাহিত্যিকক সাহিত্যিক পেন্সন আৰু ২৮ গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰদান

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯৩ সংখ্যক জন্ম দিৱস আৰু ২০২৪ বৰ্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা প্ৰদান উপলক্ষে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত তিনিগৰাকী সাহিত্যিকক সাহিত্যিক পেন্সন আৰু ২৮ গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰদান কৰে। অনুষ্ঠানত ড০ শৰ্মাই কয়, যে ৰাজ্য চৰকাৰে প্ৰতিটো মাতৃভাষা আৰু বৈচিত্ৰ্যতাক সন্মান কৰে। তেওঁ লগতে কয়, যে জনজাতীয় ভাষা সমূহে ৰাজ্যৰ প্ৰাচীনতম সংস্কৃতিক প্ৰতিনিধিত্ব কৰে আৰু এটা ভাষাৰ লুপ্তপ্রায় হ’লে সেই জাতিটোৰ সৈতে সংস্কৃতি আৰু প্ৰৱাহমান সভ্যতা এটাও লুপ্ত হৈ যায়। ৰাজ্য চৰকাৰে অসমত প্ৰচলিত প্ৰতিটো ভাষাকে বৰ সবাহৰ মাজলৈ উলিয়াই নিবলৈ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বিষয়টো উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ সাহিত্য সভাসমূহে অসমীয়া ভাষাৰ এই বিৰল স্বীকৃতিক আদৰণি জনাইছে। তেওঁ কয়, যে ভাষা গৌৰৱ সপ্তাহৰ সময়ত ৰাজ্যত ডেৰ লাখখন সভা অনুষ্ঠিত হৈছিল আৰু এই সভাত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছিল। বৰ অসমৰ ভৱিষ্যৎ মিলন, সমন্বয় আৰু উদাৰতাৰ ভৱিষ্যৎ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।