ডাউনলোড
মোবাইল এপ

android apple
signal

মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে চীন চৰকাৰে মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে

মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত চীন চৰকাৰে মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে আন্তর্জাতিক বাণিজ্য বিষয়ক এগৰাকী মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে। নিচেংগাং নামৰ এই মধ্যস্থতাকাৰীগৰাকীক ২০২০ চনত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পাদিত বাণিজ্য চুক্তি মধ্যস্থতাকাৰী ৱাং ছো ৱেনৰ স্থানত নিযুক্ত কৰা হৈছে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ বিৰুদ্ধে ১৪৫ শতাংশ হাৰৰ ৰপ্তানি শুল্ক আৰোপ কৰিছে। তদুপৰি ৰাষ্ট্ৰপতি ট্রাম্পে আন দেশসমূহৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিশুল্কৰ কাৰ্যকৰীকৰণ ৯০ দিনলৈ স্থগিত ৰাখিছে যদিও চীনৰ ক্ষেত্ৰত ইয়াক তৎকালে কার্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। চীনে এইবছৰৰ জানুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত ইয়াৰ অর্থনীতি বিকাশৰ হাৰ ৫.৪ শতাংশ বৃদ্ধি পোৱাৰ কথা ঘোষণা কৰিছিল আৰু অতি শীঘ্ৰে দেশখন বিশ্বৰ দ্বিতীয় বৃহৎ অর্থনীতিত পৰিণত হ’ব বুলি ঘোষণা কৰিছিল। মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সাম্প্রতিক প্রতিশুল্ক আৰোপৰ ঘোষণাই স্বাভাৱিকতেই চীনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত হৈ পৰিছে।

অধিক পঢ়ক

সকলো চাওক