ডাউনলোড
মোবাইল এপ

android apple
signal

April 16, 2025 12:27 PM | Mizoram Art Day

printer

মানৱীয় সৃষ্টিশীলতা আৰু চিন্তা চেতনাক উদযাপন কৰাৰ বাবে মিজোৰামত বিশ্ব কলা দিৱসৰ আয়োজন

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে মিজোৰামতো মানৱীয় সৃষ্টিশীলতা আৰু চিন্তা চেতনাক উদযাপন কৰাৰ বাবে বিশ্ব কলা দিৱসৰ আয়োজন কৰা হয়। আইজলৰ ট্ৰেজাৰী স্কুৱাৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুৱোমাৰ উপৰি ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকল আৰু বহিঃৰাজ্যৰ ভালেসংখ্যক শিল্পী উপস্থিত থাকে। ভাৰত আন্তঃৰাষ্ট্ৰীয় কলা সংস্থা আৰু মিজোৰাম চৰকাৰৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ এই উৎসৱৰ বিষয় এ গার্ডেন অব এক্সপ্রেছন, কাল্টিভেটিং কমিউনিটী থ্র’ আৰ্টে মিজোৰামৰ স্বকীয়তাক গভীৰভাৱে প্ৰতিনিধিত্ব কৰে। অনুষ্ঠানৰ অংশ হিচাপে আয়োজিত মিজোসকলৰ চহকী লোকসংস্কৃতি শীর্ষক আলোচনাচক্ৰৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যসূচীত মিজোসকলৰ ঐতিহ্য আৰু পৰিচয় প্ৰতিফলিত হৈছে। মিজো জনগোষ্ঠীৰ লোকসকলে ঐতিহাসিক কালৰে পৰা বিভিন্ন প্ৰত্যাহ্বান নেওচি লোকসংস্কৃতি আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি আহিছে বুলি তেওঁ উল্লেখ কৰে।
এই অনুষ্ঠানত ভাৰত আন্তঃৰাষ্ট্ৰীয় কলা সংস্থা, আই এ এ ইণ্ডিয়াৰ সভাপতি মানজ সাহাইও ভাষণ দিয়ে। তেওঁ কয় যে প্রসিদ্ধ শিল্পী লিওনার্ড দা ভিন্সিৰ জন্মদিন উপলক্ষে ১৫ এপ্রিল বিশ্ব কলা দিৱস হিচাপে উদযাপন কৰা হয়। ২০১৮ চনত ভাৰত আই এ এৰ সদস্যভুক্ত হৈছিল। মিজোৰামৰ ঐতিহ্যমণ্ডিত স্থানসমূহক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত সংস্থাটোৱে সহযোগিতা আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক