ডাউনলোড
মোবাইল এপ

android apple
signal

ভিন্ন জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শুকুৰবাৰে সামৰণি পৰিব। এই নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রার্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহেও নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজনৈতিক দলসমূহে এই নির্বাচনৰ বাবে দলীয় কাম-কাজ চলাই আছে।
ডিব্ৰুগড় জিলাত নিৰ্বাচনৰ ব্যয় নিৰীক্ষণ কোষ আৰু নির্বাচনী আচৰণ বিধি নিৰীক্ষণ কোষৰ বিষয়ববীয়াসকলৰ এটা প্রশিক্ষণ কালি মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়াসকলক বিশেষজ্ঞ প্রশিক্ষকে প্রশিক্ষণ প্ৰদান কৰে।
যোৰহাট জিলাত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্রশাসনে প্রস্তুতি চলাইছে। জিলাখনত কালি নিৰ্বাচনত নিয়োজিত পলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰু বেলট বাকচসমূহৰ সাল-সলনি প্রক্রিয়া সম্পন্ন কৰা হয়।
কামৰূপ জিলা প্রশাসনেও এই নির্বাচনৰ যাৱতীয় প্রস্তুতি আৰম্ভ কৰিছে। জিলা প্রশাসনে মনোনয়ন প্রক্রিয়া সুকলমে চলোৱাৰ বাবে বিভিন্ন পৰ্যায়ত জিলাখনত ৩৮ গৰাকী আৰু ৰঙিয়া সম জিলাত ৪ গৰাকী বিষয়া নিয়োগ কৰিছে।
কাছাৰ জিলাত বিজেপিয়ে ১৩৮ খন আঞ্চলিক পঞ্চায়ত আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আজি আঞ্চলিক পঞ্চায়তৰ বাকী থকা আসনসমূহৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব।
মাজুলী জিলাত দক্ষিণপাট সত্ৰৰ অতিথিগৃহত কালি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত জিলাখনৰ বিজেপি কৰ্মকৰ্তাসকলৰ মাজত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা সন্দৰ্ভত আলোচনা কৰা হয়।
গোৱালপাৰা জিলাৰ বিজেপি কার্যালয়ত কালি বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনক লৈ অগপ-বিজেপি মিত্রজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। আসন বুজাবুজিৰ ক্ষেত্ৰত মন্ত্ৰী পাটোৱাৰীয়ে জিলাখনৰ পূব গোৱালপাৰা আৰু জলেশ্বৰ সমষ্টিত আলোচনাৰ মাধ্যমেৰে দুয়োটা দলৰে প্ৰাৰ্থী দিয়া হ’ব বুলি উল্লেখ কৰে। সমষ্টি দুটাৰ জিলা পৰিষদৰ ৮ খন আসনৰ ভিতৰত অগপই ৬খনত আৰু বিজেপিয়ে ২খনত প্ৰাৰ্থী দিব বুলি তেওঁ ঘোষণা কৰে।
১২ এপ্ৰিলত এই নিৰ্বাচনৰ মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ’ব। ১৭ এপ্রিল মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। সেইদিনাই চূড়ান্ত প্রার্থীৰ তালিকা প্রকাশ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক