ডাউনলোড
মোবাইল এপ

android apple
signal

November 29, 2024 10:31 AM | Indo-Russia

printer

ভাৰত-ৰাছিয়াৰ সামৰিক সহযোগিতা সম্পৰ্কীয় কাৰ্য গোটৰ চতুৰ্থ বৈঠক

ভাৰত-ৰাছিয়া আন্তঃ চৰকাৰী সামৰিক আৰু সামৰিক-কাৰিকৰী সহযোগিতা আয়োগৰ অধীনৰ সামৰিক সহযোগিতা সম্পৰ্কীয় কাৰ্য গোটৰ চতুৰ্থখন বৈঠক কালি মস্কোত সম্পন্ন হয়৷ বৈঠকত ভাৰতক প্রতিনিধিত্ব কৰা সংহত প্ৰতিৰক্ষা কৰ্মচাৰীৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল জে পি মেথিউ আৰু ৰাছিয়াক প্ৰতিনিধিত্ব কৰা দেশখনৰ সশস্ত্র বাহিনীৰ উপ-মুখ্য লেফটেনেণ্ট জেনেৰেল ডাইলেভস্কি ইগ’ৰ নিকোলায়েভিচৰ সহঅধ্যক্ষতাত বৈঠকখন সম্পন্ন হয়। উল্লেখযোগ্য যে, দুয়োখন ৰাষ্ট্ৰই স্থল, আকাশ আৰু সাগৰীয় ক্ষেত্ৰত যৌথভাৱে অনুশীলন অব্যাহত ৰাখিছে৷ ভাৰত-ৰাছিয়াৰ প্ৰতিৰক্ষা সহযোগিতাৰ বাবে কাৰ্য গোটে বৰ্তমানৰ সামৰিক সংযোগৰ মূল্যায়নৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ লগতে নিৰাপত্তা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰে ।

অধিক পঢ়ক

সকলো চাওক