ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি আলহী দলটোৱে ভাৰতক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত ১-০৩ অগ্ৰগতি লাভ কৰে। উল্লেখযোগ্য যে প্রথম ইনিংছত ৪৬ ৰাণৰ শোচনীয় প্ৰদৰ্শন কৰাৰ পাছত ভাৰতে কালি ৪৬২ ৰাণত দ্বিতীয় ইনিংছ সামৰে। ১০৭ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে ২৮ অভাৰত দুটা উইকেট হেৰুৱাই জয়লাভ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে আলহী দলটোৱে ৩৬ বছৰত ভাৰতত প্ৰথম টেষ্টত জয়লাভ কৰে।
Assamese | October 20, 2024 7:22 PM | India-New Zeeland Cricket Test Series
ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাত ভাৰত ৮ উইকেটত পৰাস্ত