থলুৱাভাৱে বিকশিত ভাৰতৰ প্ৰথম হাইড্ৰজেন ইন্ধনচালিত সাগৰীয় জাহাজক কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে ভূয়ষী প্ৰশংসা কৰিছে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যৌথ প্ৰচেষ্টাত সম্ভৱ হোৱা ইয়াক এক সফল কাহিনী বুলি শ্রীসিঙে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কালি বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণাৰ কেন্দ্ৰ চি এছ আই আৰৰ সফলতা আৰু চলিত পদক্ষেপসমূহৰ পৰ্যালোচনা কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। এই আলোচনাত মন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ সৈতে চি এছ আই আৰৰ বৈজ্ঞানিক গৱেষণাক সংযুক্ত কৰাত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত তেওঁ থলুৱাভাৱে বিকাশৰ প্ৰাধ্যন্য থকা গুৰুত্বপূৰ্ণ প্রযুক্তি ডমেইনসমূহৰ প্ৰসংগ উল্লেখ কৰে।
Site Admin | April 17, 2025 10:26 AM | Dr. Jitendra Singh
ভাৰতৰ প্ৰথম হাইড্ৰজেন ইন্ধনচালিত সাগৰীয় জাহাজক মন্ত্রী ড° জিতেন্দ্র সিঙৰ ভূয়ষী প্ৰশংসা
