অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। বিধায়ক মানৱ ডেকাই উত্থাপন কৰা এই সম্পৰ্কীয় প্ৰস্তাৱটোত অধ্যক্ষই আলোচনাৰ বাবে গ্ৰহণ কৰে।
শাসক আৰু বিৰোধী দলৰ কেইবাগৰাকীও সদস্যই এই আলোচনাত অংশগ্ৰহণ কৰি অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ নিযুক্তি সন্দৰ্ভত হোৱা কেলেংকাৰী আৰু ন্যায়াধীশ বিপ্লব শৰ্মাৰ প্রতিবেদন সম্পর্কত বিভিন্ন প্রসংগ উত্থাপন কৰে। বিধায়ক অখিল গগৈয়ে বিপ্লব শর্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণ কৰাত ৰাজ্য চৰকাৰৰ আগ্ৰহ নাই বুলি চৰকাৰৰ সমালোচনা কৰে। আলোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম লোকসেৱা আয়োগৰ মূল সমিতি গঠন সন্দৰ্ভত বিস্তৃতভাৱে প্ৰকাশ কৰি ৰাকেশ পালক লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বিভিন্ন তথ্য দাঙি ধৰে। মুখ্যমন্ত্ৰীয়ে ৰাকেশ পালক অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰূপে নিযুক্তি দিয়াৰ বাবে কংগ্ৰেছ দলে অসমৰ যুৱশক্তিৰ ওচৰত স্বতবিহীন ক্ষমা-ভিক্ষা কৰিব লাগে বুলি মন্তব্য কৰে। কংগ্ৰেছ দলে দুৰ্নীতিৰ সুযোগ বিচাৰি থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লোকসেৱা আয়োগত অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত দলটোৱে বাৰে বাৰে একে অপৰাধ কৰি আহিছিল বুলি অভিযোগ কৰে। তেওঁ লগতে অখিল গগৈয়ে কংগ্ৰেছৰ দুৰ্নীতিক নায্যতা প্ৰদান কৰিছে বুলিও অভিযোগ তোলে। ইপিনে, দুর্নীতিক প্রশ্রয় নিদি এ পি এছ চিৰ অনিয়মৰ বিৰুদ্ধে তদন্ত কৰাৰ সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্রতি সদনে কৃতজ্ঞতা জনোৱা উচিত বুলি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে। দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমত লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সহযোগী সদস্যসকলক গ্ৰেপ্তাৰ কৰা হয় বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে, বৰ্তমানৰ চৰকাৰ দিনত যিদৰে স্বচ্ছ নিযুক্তি প্ৰদান কৰা হৈছে, ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছ শাসনৰ সময়ত নিযুক্তিৰ তালিকাত মন্ত্ৰীৰ আত্মীয়স্বজনৰ নামহে অন্তৰ্ভুক্ত আছিল। ইয়াৰ পূৰ্বে ৯ দিনৰ বিৰতিৰ মূৰত দিছপুৰত আজি পুনৰ অনুষ্ঠিত হোৱা অসম বিধানসভাত পুৱাৰ ভাগত প্রশ্ন-উত্তৰেৰে সদনৰ কাৰ্যসূচী আৰম্ভ হয়। অধিৱেশনত আজি ৭ টা প্রশ্ন উত্থাপন কৰা হয়। অধিৱেশনৰ আৰম্ভণিতে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক নগাঁৱৰ ৰাজপথত আক্ৰমণ কৰা সন্দৰ্ভত কংগ্ৰেছে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে এই আক্ৰমণৰ ঘটনাৰ তদন্ত কিধৰণে আগবাঢ়িছে, সেই বিষয়ে প্ৰশ্ন কৰে। তেওঁ চৰকাৰে এই সন্দৰ্ভত কেতিয়া বিবৃতি প্ৰদান কৰিব সেই সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। সেই অনুসৰি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এটা বিবৃতি সদনত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ তদন্ত মধ্য অসমৰ আৰক্ষী মহা পৰিদৰ্শকৰ হাতত ন্যস্ত কৰা হৈছে বুলি অৱগত কৰে। চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে বুলিও মন্ত্ৰী শ্ৰী পাটোৱাৰীয়ে সদনক জনায়। চৰকাৰৰ এই উত্তৰত বিৰোধী দল সন্তুষ্ট নোহোৱাত এই বিষয়টো লৈ তেওঁলোকে পুনৰ প্ৰতিবাদ কৰে। বিৰোধীয়ে তোলা সভাস্থগিত প্ৰস্তাৱত অনুমতি দিব নোৱাৰে বুলি অধ্যক্ষই প্ৰকাশ কৰে। লগে লগে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে অধ্যক্ষৰ আসনৰ ওচৰলৈ গৈ তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিবলৈ ধ্বনি দিয়ে। অধ্যক্ষই এই দাবী অগ্ৰাহ্য কৰি বিদ্যাচিং ইংলেঙক শূন্যকালত বিষয়টো উত্থাপন কৰিবলৈ কয়। শ্ৰী ইংলেঙে বিষয়টো উত্থাপন কৰে যদিও সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, যে অসমৰ থানাসমূহত ৰুজু হৈ থকা ১৭,৯০০ৰো অধিক গোচৰ নিষ্পত্তি কৰা হৈছে আৰু ১৩ হাজাৰৰো অধিক গোচৰ নিষ্পত্তি কৰিবলৈ বৰ্তমান বাকী আছে। ইয়াৰ পাছতে কংগ্ৰেছ, চি পি আই এম আৰু ৰাইজৰ দলে সদন ত্যাগ কৰে।