বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি ইষ্টাৰ পালন কৰিছে। এই উপলক্ষে গীর্জা ঘৰসমূহত বিশেষ প্ৰাৰ্থনাসভাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশ-বিদেশৰ সকলো লোক বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাযোগে কৈছে যে ভগৱান যীশুখ্ৰীষ্টৰ মৃত্যুৰ পাছত চেতনা লাভৰ লগত সংগতি ৰাখি পালন কৰা পবিত্ৰ ইষ্টাৰ উৎসৱে নিঃস্বাৰ্থ মৰম আৰু সেৱাৰ বাৰ্তা বহন কৰে। তেওঁ লগতে কয়, যে যীশুখ্ৰীষ্টৰ ত্যাগে আমাক ক্ষমা আৰু ত্যাগৰ শিক্ষা দিয়ে আৰু মানৱ জাতিক সত্য, ন্যায় আৰু কৰুণাৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সকলোকে যীশুখ্ৰীষ্টৰ আদৰ্শৰাজি অনুসৰণ কৰিবলৈ আৰু সমাজত শান্তি সম্প্ৰীতিৰ প্ৰসাৰৰ হকে কাম কৰিবলৈ আহ্বান জনায়। উপ-ৰাষ্ট্ৰপতি ধনখড়ে তেওঁৰ বাৰ্তাত কয়, যে ইষ্টাৰে ক্ৰুছবিদ্ধ কৰাৰ পাছত যীশু খ্ৰীষ্টৰ চেতনা লাভৰ মাজেৰে আশাৰ বাৰ্তা দিয়ে। তেওঁ কয়, যে যীশু খ্ৰীষ্টৰ দয়া, ক্ষমা আৰু সেৱাৰ শিকনিসমূহে জনসাধাৰণক এখন শান্তি-সম্প্ৰীতিৰে ভৰা সমাজ গঢ়াৰ বাট দেখুৱাই আহিছে।
Site Admin | April 20, 2025 10:20 AM | Easter
বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ইষ্টাৰ পালন
