ডাউনলোড
মোবাইল এপ

android apple
signal

December 5, 2024 8:25 PM | ISRO | PSLV-59

printer

বিয়লি ৪ বাজি ৪ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C59 উৎক্ষেপন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 ৰ জৰিয়তে আজি বিয়লি ৪ বাজি ৪ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্ৰী কৃত্রিম উপগ্ৰহ দুটা সফলতাৰে উৎক্ষেপন কৰা হয়। উৎক্ষেপনৰ পাছত সামাজিক মাধ্যমযোগে ভাৰতীয় মহাকাশ সংস্থাই প্ৰকাশ কৰে যে, PSLV-C59 ৰ জৰিয়তে ইছৰোৰ কাৰিকৰী বিশেষজ্ঞই নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ নেতৃত্বত ইউৰোপীয় মহাকাশ সংস্থাৰ উপগ্রহ প্রোবা থ্ৰী সফলতাৰে উৎক্ষেপন কৰে। উল্লেখযোগ্য যে নিউস্পেচ ইণ্ডিয়া লিমিটেড হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বাণিজ্যিক শাখা৷
বিশ্বৰ ভিতৰতে প্ৰথম এই প্রোবা থ্রীত থকা উপগ্রহ দুটা কক্ষপথত উপনীত হোৱাৰ পাছত দুভাগত বিভক্ত হ’ব। এই উপগ্রহসমূহে সৌৰ মুকুট, ইয়াৰ চৌপাশৰ বাতাবৰণ, মহাকাশৰ বতৰ আৰু সৌৰ বতাহৰ অধ্যয়ন কৰিব।