ডাউনলোড
মোবাইল এপ

android apple
signal

বিমষ্টেক শীৰ্ষ সন্মিলনত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ চমু বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত বিমষ্টেক শীৰ্ষ সন্মিলনৰ আহৰিত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে এখন চমু বৈঠকত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে এই বৈঠকত চুবুৰীয়া দেশখনত এখন গণতান্ত্রিক সুস্থ, শান্তিপূর্ণ, প্ৰগতিশীল আৰু সকলো জাতি-জনগোষ্ঠীৰ সম-অধিকাৰ বৰ্তি থকাৰ বাবে ভাৰতে সদায়েই সহযোগিতা আগবঢ়াব বুলি বাংলাদেশী নেতাগৰাকীক আশ্বাস দিয়ে। শ্রীমোদীয়ে দুয়ো দেশৰ মাজৰ সীমান্তত প্ৰচলিত আইনৰ সঠিক ৰূপায়ণ আৰু সীমান্তইদি অবৈধ অনুপ্রবেশ বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা সচিব বিক্রম মিশ্রিয়ে কয় যে আজিৰ বৈঠকত প্রধানমন্ত্রী মোদীয়ে এটা ইতিবাচক দৃষ্টিভঙ্গীৰে বাংলাদেশৰ সৈতে গঠনমূলক সম্পর্ক গঢ়ি তোলাৰ বাবে ভাৰতৰ আগ্ৰহৰ কথা পুনৰবাৰ দোহাৰে। চুবুৰীয়া দেশ দুখনৰ মাজৰ সম্পৰ্ক বিঘ্নিত কৰিব পৰা প্ৰৰোচনামূলক বক্তব্য পৰিহাৰ কৰাৰ ওপৰতো প্রধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ প্ৰত্যাপনৰ বিষয়টোও আজিৰ বৈঠকত উত্থাপন কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ আগষ্ট মাহত বাংলাদেশৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা পদচ্যুত হোৱাৰ পাছত ভাৰতত আশ্রয় গ্রহণ কৰাৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কত খুঁট আহে আৰু বাংলাদেশ চৰকাৰৰ বিভিন্ন পক্ষই ভাৰতবিৰোধী মন্তব্য আগবঢ়োৱাৰ ফলত পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটে।

অধিক পঢ়ক

সকলো চাওক