ডাউনলোড
মোবাইল এপ

android apple
signal

March 23, 2025 8:24 PM | Baksa District

printer

বাক্সা জিলাৰ সমবায় ব্যৱস্থা শক্তিশালী আৰু শৃংখলিত কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্রী অর্জুন ৰাম মেঘৱালে গুৰুত্ব আৰোপ

বাক্সা জিলাৰ সমবায় ব্যৱস্থা শক্তিশালী আৰু শৃংখলিত কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্রী অর্জুন ৰাম মেঘৱালে গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ আৰু অগ্রগতি পর্যালোচনাৰ বাবে কালি জিলাখনত উপস্থিত হোৱা কেন্দ্রীয় আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী মেঘৱালে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভাত অংশ লৈ এই কথা প্রকাশ কৰে। তেওঁ গ্রাম্য জীৱিকা শক্তিশালী কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ আৰু কাৰ্যপন্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উপৰি জিলাখনৰ কৃষি আৰু অর্থনৈতিক উন্নয়নৰ ওপৰত আলোকপাত কৰে। তেওঁ কৃষিৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষিজাত সামগ্ৰীৰ সংৰক্ষণ আৰু মূল্য সংযোজনৰ বাবে শীতল ভঁৰাল স্থাপনৰ বিষয়ে উল্লেখ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অন্ত্যোদয়া অভিযানৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আন্তঃজিলা সমন্বয় শক্তিশালী কৰাৰ উপৰি গ্ৰাম্য ঔদ্যোগিকীকৰণৰ সমৰ্থন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমেঘৱালে জিলাখনত মৌ উৎপাদনৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে। তেওঁ স্থানীয় কর্তৃপক্ষক সামর্থ্য বিকাশ কাৰ্যসূচীৰ সুবিধা প্রদান কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে হস্ততাঁত আৰু বস্ত্রশিল্পকে ধৰি কেইবাটাও বিভাগৰ কাম-কাজ পর্যালোচনা কবি স্থানীয় নিয়োগ আৰু অর্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত বিভাগসমূহৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক