ডাউনলোড
মোবাইল এপ

android apple
signal

বাংলাদেশত হিন্দুক লক্ষ্য কৰি হোৱা আক্ৰমণৰ ঘটনাত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বাংলাদেশত হিন্দুসকলক লক্ষ্য কৰি হোৱা আক্ৰমণৰ ঘটনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ দাবী জনাইছে। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীসিঙে আজি কয়, যে আক্ৰমণৰ ঘটনাসমূহৰ পৰা বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ যে মৌলবাদীসকলৰ কবলত পৰিছে সেয়া স্পষ্ট হৈ পৰিছে। এনে ধৰণৰ আক্ৰমণ মানৱতাৰ পৰিপন্থী বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে বিষয়টো সন্দৰ্ভত কংগ্ৰেছ আৰু অন্য বিৰোধী দলসমূহৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত জন সেনা পাৰ্টীৰ মুৰববী আৰু অন্ধ্ৰপ্ৰদেশৰ উপ মুখ্যমন্ত্রী পবন কল্যানে কয় যে, বাংলাদেশৰ ঘটনাৰাজি সচাকৈ বেদনাদায়ক । তেওঁ কয় যে, পেলেষ্টাইনত কিবা হ’লে বিৰোধী পক্ষই তেওঁলোকৰ বেদনাৰ কথা দোহাৰিবলৈ নাপাহৰে যদিও তেওঁলোক বাংলাদেশৰ ঘটনাৰাজিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা আঁতৰি ফুৰিছে। তৃণমূলক কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ সৌগত ৰায়ে কয় যে, বাংলাদেশত কিবা হ’লে পশ্চিমবংগত তাৰ প্ৰভাৱ পৰে। তেওঁ লগতে ইস্কনৰ পুজাৰীগৰাকীৰ গ্ৰেপ্তাৰ অনুচিত বুলি মন্তব্য কৰে। সাংসদগৰাকীয়ে কয়, যে ভাৰতে বিষয়টোত কূটনৈতিকভাৱে হস্তক্ষেপ কৰা উচিত।

অধিক পঢ়ক

সকলো চাওক