ডাউনলোড
মোবাইল এপ

android apple
signal

March 21, 2025 10:08 AM | India-Bolivia Meet

printer

বলিভিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চেলিণ্ডা ছ’ছা লুণ্ডাৰ সৈতে মন্ত্ৰী ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক আলোচনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত বলিভিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চেলিণ্ডা ছ’ছা লুণ্ডাৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত বিতং আলোচনাত মিলিত হয়। আলোচনাকালত দুয়োপক্ষই তৎকালীনভাৱে প্ৰভাৱ প্ৰদৰ্শন কৰিব পৰা প্রকল্পবিষয়ক এটা চুক্তিত স্বাক্ষৰ কৰে। শেহতীয়াকৈ লা পাজত নতুন ভাৰতীয় দূতাবাস মুকলি হোৱাটোৱে ভাৰত আৰু বলিভিয়াৰ সহযোগিতা ত্বৰান্বিত কৰাৰ সংকল্পক প্ৰতিফলিত কৰিছে বুলি সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড° জয়শংকৰে উল্লেখ কৰে। কালি আলোচনাকাল প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ কৰাটো এই দিশত আন এটা পদক্ষেপ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক