ডাউনলোড
মোবাইল এপ

android apple
signal

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ বাবে পৰিচালনা সমিতিসমূহ গঠন

চিৰাং জিলাৰ বিজনীত অহা বছৰৰ জানুৱাৰীত হ’বলগীয়া বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ বাবে আজি পৰিচালনা সমিতিসমূহ গঠন কৰা হয়। এই অধিবেশনৰ বাবে ২৪খন উপ-সমিতিৰ লগতে ৯১জন সদস্যৰে আদৰণি সমিতিখন গঠন কৰা হয়। ১৯৫২ চনৰ ১৬ নৱেম্বৰত চিৰাং জিলাৰ ৰনচাই ধামত বড়ো সাহিত্য সভাৰ জন্ম হৈছিল। এইবাৰ অধিবেশনৰ বিশিষ্ট অতিথি হিচাপে নবেল বঁটা প্ৰাপকৰ লগতে কেইবাগৰাকীও সন্মানীয় ব্যক্তিক আমন্ত্রণ জনোৱা হ’ব বুলি সভাৰ সভাপতি ড০ সুৰ্থ নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ অধিবেশনখন সফল কৰি তোলাৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ লোকক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক