পেৰিছ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ভাৰতৰ ৰুবিনা ফ্ৰান্সিছৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ ৰুবিনা ফ্ৰান্সিছে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত ২১১ দশমিক ১ পইণ্টেৰে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইৰাণৰ এছ জৱানমদিয়ে এই শিতানত সোণৰ আৰু তুৰস্কৰ এ ওজগানে ৰূপৰ পদক লাভ কৰে। ভাৰতে প্ৰতিযোগিতাত বৰ্তমানলৈকে এটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক