পহিলা জানুৱাৰীৰ পৰা পাৰস্পৰিক বদলিকৰণৰ বাবে পোর্টেল মুকলি

পহিলা জানুৱাৰীৰ পৰা পাৰস্পৰিক বদলিকৰণৰ বাবে পোর্টেল মুকলি হ’ব। এই পোৰ্টেল পহিলা জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ খোলা থাকিব। এই সময়ছোৱাতে আবেদন দাখিল, আবেদনৰ সত্যাসত্য নিৰূপনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব আৰু তাৰ পাছত আবেদনসমূহ স্বয়ংক্রিয়ভাৱে পোৰ্টেলত পাৰস্পৰিক বদলিকৰণৰ বাবে মুকলি কৰি দিয়া হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই পোৰ্টেলত আবেদন কৰাৰ পাছত একে বিভাগৰ আৰু একেই পে’ স্কেলৰ কৰ্মচাৰীৰ মাজত বদলিকৰণৰ প্ৰচেষ্টা কৰা হ’ব। নিকাভাৱে এই প্রক্রিয়া সম্পন্ন কৰা হব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।