ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। জিলাখনত আজি নিৰ্বাচনত নিয়োজিত পলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰু বেলট বাকচসমূহৰ সাল সলনি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়৷

Read More News : 

কামৰূপ জিলা প্ৰশাসনেও এই নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। জিলা প্রশাসনে মনোনয়ন প্ৰক্ৰিয়া সুকলমে চলোৱাৰ বাবে বিভিন্ন পৰ্যায়ত জিলাখনত ৩৮ গৰাকী আৰু ৰঙিয়া সম জিলাত ৪ গৰাকী বিষয়া নিয়োগ কৰিছে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল প্রক্রিয়া ৩ এপ্ৰিলত আৰম্ভ হৈছে আৰু ১১ এপ্ৰিলত অন্ত পৰিব। ১২ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। ১৭ এপ্রিল মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন। সেইদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক