ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা  বৃহস্পতিবাৰে প্ৰকাশ পাব

ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্রশাসনসমূহে প্রস্তুতি চলাই আছে। বিভিন্ন ঠাইত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ’বলগীয়া ষ্ট্ৰং ৰূম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম-কাজৰ বুজ লৈছে। পঞ্চায়ত নিৰ্বাচনত কোনো প্রার্থীয়ে প্রার্থিত্ব প্ৰত্যাহাৰ কৰিব বিচাৰিলে কাইলৈ বিয়লি ৩ বজাৰ ভিতৰত আবেদন কৰিব পাৰিব। কাইলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। ৰাজ্যিক নির্বাচন আয়োগে বুথ পৰ্যায়ৰ বিষয়া বি এল অ’ সকলক পঞ্চায়ত নিৰ্বাচনত প’লিং বিষয়া হিচাপে নিয়োজিত নকৰিবৰ বাবে ২৭ খন জিলাৰ আয়ুক্তলৈ ইতিমধ্যে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। জিলা আয়ুক্তসকলক ভোট গ্ৰহণৰ দায়িত্বত নিয়োজিত কৰিবলগীয়া বিষয়াৰ তালিকা প্ৰস্তুত কৰাৰ বাবে ই-নির্বাচন এপৰ জৰিয়তে গ্ৰহণ কৰা সমিলমিল প্ৰক্ৰিয়াত বি এল অ’সকলক অন্তর্ভুক্ত নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো লোককে অস্ত্রসমূহ জমা দিবলৈও নির্দেশ দিয়া হৈছে। অনুজ্ঞাপত্ৰ থকা অস্ত্রসমূহ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ৭ দিনৰ পাছত গৰাকীয়ে সংশ্লিষ্ট থানাৰ পৰা ঘূৰাই ল’ব পাৰিব।

অধিক পঢ়ক

সকলো চাওক