October 17, 2024 7:50 PM | Hariyana New CM

printer

নায়ব সিং ছইনি দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত

বিজেপি নেতা নায়ব সিং ছইনিকে আজি পঞ্চকুলাৰ শ্বালিমাৰ গার্ডেনত আয়োজিত শপত গ্রহণ অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়। হাৰিয়ানাৰ ৰাজ্যপাল বাণ্ডাৰু দত্তাত্ৰেয়ই তেওঁক প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায়। শ্ৰী নায়ব সিঙৰ সৈতে ১৩ গৰাকী বিধায়কে কেবিনেট আৰু ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শপত গ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, নিতীন গাডকাৰী, মনোহৰ লাল, লাল্লন সিং, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ প্ৰমুখ্যে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু এন ডি এ মিত্ৰজোঁটৰ ভালেসংখ্যক নেতা উপস্থিত থাকে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নায়ব সিং ছইনিক অভিনন্দন জনাইছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, হাৰিয়ানা চৰকাৰৰ সুপ্ৰশাসন আৰু অভিজ্ঞতাৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে আৰু এই সংযোজনে ৰাজ্যখনক উন্নয়নৰ নতুন শিখৰলৈ লৈ যাব। তেওঁ লগতে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে দুখীয়া, কৃষক, সৈনিক, যুৱ প্ৰজন্ম আৰু মহিলাকে ধৰি সমাজৰ সকলো লোকলৈ সেৱা আগবঢ়োৱাৰ বাবে চেষ্টাৰ অকনো ত্ৰুতি নকৰে বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক