ডাউনলোড
মোবাইল এপ

android apple
signal

April 17, 2025 7:45 PM | Amit Shah

printer

নক্সালবাদক দেশৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা হ’ব : গৃহমন্ত্রী

২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদক দেশৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা হ’ব আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী-চি আৰ পি এফৰ জোৱানসকলে সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। চি আৰ পি এফৰ ৮৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মধ্য প্ৰদেশৰ নীমুচত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। কোৱা বেটেলিয়নৰ সৈনিকে দেশক নক্সালমুক্ত কৰাৰ দিশত অভূতপূৰ্ব কাম কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে জোৱানসকলৰ অদম্য সাহসৰ বলতে দেশক নক্সালবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰাৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব। দেশৰ অমৰ শহিদসকলৰ বলিদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি শ্ৰীশ্বাহে কয় যে দেশৰ ইতিহাসত সুৰক্ষা বাহিনীৰ শ্বহিদসকলৰ বীৰগাঁথা সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব ।
চি আৰ পি এফৰ শহিদসকলৰ পৰিয়ালসমূহক প্ৰশংসা কৰি তেওঁ কয়, যে দেশৰ সমৃদ্ধি আৰু সূদৃঢ়কৰণৰ ক্ষেত্ৰত জোৱানসকলৰ পৰিয়ালৰ অৱদান সচাকৈ অতুলনীয়। শ্রীশ্বাহে কয়, যে কু-অভিপ্ৰায়েৰে কাশ্মীৰ উপত্যকাত অশান্তি সৃষ্টি কৰা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰতেই হওক বা উত্তৰ পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতেই হওক, চি আৰ পি এফৰ জোৱানসকলে সকলো অভিযানত অনবদ্য অৱদান আগবঢ়াই আহিছে। বৰ্তমানলৈ ২ হেজাৰ ২৬৪ গৰাকী জোৱানে দেশ ৰক্ষাৰ নামত জীৱন বলিদান দিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সাহসী জোৱানসকলৰ পৰিয়ালৰ কল্যানৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে চি আৰ পি এফৰ হিতৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। তেওঁ কয়, যে চৰকাৰে সাহসী জোৱানসকলৰ উন্নয়নৰ লগতে তেওঁলোকৰ সন্মানাৰ্থে কাম কৰি আহিছে। চৰকাৰে জোৱানসকলৰ পৰিয়ালবৰ্গলৈ ভালেমান সুবিধা আগবঢ়াইছে বুলি তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানত শ্ৰীশ্বাহে কেইবাগৰাকীও জোৱানক সাহসিকতাৰ বঁটা প্ৰদান কৰে। শহিদস্থলত তেওঁ শ্বহিদসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে আৰু কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ আৰু চি আৰ পি এফৰ সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিঙেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক