প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰ নীতিৰে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰি আছে। শ্রীমোদীয়ে আজি মধ্য প্ৰদেশৰ অশোক নগৰ জিলাৰ ইছাগড় অঞ্চলৰ আনন্দপুৰ ধামত ভক্তসকলক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে৷ চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ কথা শ্রীমোদীয়ে কয় যে প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনা, আয়ুষ্মান যোজনা, প্রধানমন্ত্ৰী আৱাস যোজনা, জল জীৱন মিছন আদিয়ে সমাজৰ বঞ্চিত আৰু দৰিদ্ৰ লোকসকলৰ জীৱন ধাৰণ সুগম কৰি তুলিছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে সেৱাৰ মনোভাৱেৰে কাম কৰি আছে। পৰিবেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এক পেড় মা কে নাম শীৰ্ষক অভিযানৰ কথাও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভি ডি শর্মা উপস্থিত থাকে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দপুৰ ধামত থকা গুৰুজী মহাৰাজ মন্দিৰত পূজা-অৰ্চনা কৰে৷
Site Admin | April 11, 2025 8:55 PM | Akashvani Guwahati | Akashvani News | narendra modi | PMO Modi
দেশৰ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰ নীতিৰে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰি আছেঃ প্রধানমন্ত্ৰী
