ডাউনলোড
মোবাইল এপ

android apple
signal

দুধনৈত ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদৰ শপত গ্ৰহণ

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদে আজি দুধনৈত শপত গ্ৰহণ কৰে। দুধনৈৰ উদয়পুৰস্থিত সচিবালয়ৰ চৌহদত আজি বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাভা বীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে নৱ নিৰ্বাচিত পাৰিষদসকলক শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানতে টংকেশ্বৰ ৰাভাই তৃতীয়বাৰৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। একেদৰে সোনাৰাম ৰাভাই অধ্যক্ষ আৰু অলকা ৰাভাই উপাধ্যক্ষ হিচাপে শপত লয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি এই অনুষ্ঠানত অংশ লৈ জনসাধাৰণৰ সহযোগিতাৰে চৰকাৰে ৰাভা জনগোষ্ঠীৰ লগতে অনান্য সম্প্রদায়সমূহৰ লোকসকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ লক্ষ্যৰে কাম কৰি যাব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এইবাৰ গোৱালপাৰা জিলাত প্রায় ৭০ শতাংশ আৰু কামৰূপ জিলাত ৬৭ শতাংশৰো অধিক লোকে পৰিষদৰ নিৰ্বাচনত ভোটদান কৰিছিল। অনাগত দিনতো শান্তি সম্প্ৰীতিৰে পৰিষদৰ কাম-কাজৰ অগ্ৰগতি হব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ উন্নয়নৰ বাবে পৰিষদৰ সৈতে অসম চৰকাৰে সদায় কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰে।
আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰাভাসকলৰ পৰাক্ৰমী ৰাজা বীৰ দদানৰ স্মৃতিত এটা প্ৰতিমুর্তি স্থাপনৰ কথা ঘোষণা কৰে। এই অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক