মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আজি দুদিনীয়া ভ্রমণসূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত উপস্থিত হ’ব। এই ভ্ৰমণ কালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ কাৰ্বি আংলং ভ্ৰমণকালত মুঠ ১০ হাজাৰ ৪৮২ লাখ ৬৫ হাজাৰ টকাৰ প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰিব। পুৱাৰ ভাগত ডিফুৰ তাৰালাংছ’ত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কাজিৰ ৰংহাপী অতিথিশালাত ২০২১ চনৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা কাৰ্বি আংলঙৰ প্ৰাক্তন বিদ্রোহী সংগঠনৰ সৈতে আলোচনাত মিলিত হ’ব। দিনৰ ভাগত ডিফুত লোকনিৰ্মাণ বিভাগৰ এটা ভৱন উদ্বোধন কৰাৰ লগতে প্ৰথমজন কাৰ্বি ৰজাৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰিব। লগতে ডিফুৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ মাজত সামগ্ৰী বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ছোৱাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে পৰিষদৰ কেইবাজনো পাৰিষদে সংগ দিব। ডিফুত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি উন্মোচন আৰু এটা সামূহিক ভৱনো উদ্বোধন কৰিব। সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হ’ব। নিশা তাৰালাংছ’ত অনুষ্ঠিত হ’বলগীয়া এক সাংস্কৃতিক অনুষ্ঠানতো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰাৰ কথা।
Site Admin | April 17, 2025 10:40 AM
দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কাৰ্বি আংলং ভ্ৰমণ
