August 31, 2024 5:56 PM | Jitan Ram Manjhi

printer

দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত মন্ত্ৰী জিতন ৰাম মাঝিৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী জিতন ৰাম মাঝিয়ে আজি নতুন দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশ লয়। দেশত খাদী সামগ্ৰীৰ প্ৰচলনৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ মাহত খাদী আৰু গ্ৰমোদ্যোগ আয়োগে এই মহোৎসৱৰ আয়োজন কৰিছে। বৈঠকত শ্রী মাঝিয়ে খাদী আৰু গ্ৰমোদ্যোগ খণ্ডৰ সাফল্যৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। তেওঁ এটা নিৰ্ধাৰিত লক্ষ্যৰে ইয়াৰ আঁচনিসমূহ ৰূপায়ণত এটা ব্যাপক প্ৰয়াসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মাঝিয়ে লগতে সমগ্র দেশত খাদীৰ বস্ত্ৰ পৰিধান কৰাৰ বাবে জনসাধাৰণক উৎসাহিত কৰাৰ ক্ষেত্ৰত ব্যাপক প্ৰচাৰ চলোৱাৰ পোষকতা কৰে। ইয়াৰ ফলত গ্ৰামাঞ্চলত নিয়োগৰ সুবিধা সৃষ্টি কৰিব পৰা যাব বুলি তেওঁ অৱগত কৰে।