ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী নাড্ডাৰ ঘোষণা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি ত্ৰিপুৰাত কন্যা শিশুৰ বাবে মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনা আৰু মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনা শীৰ্ষক দুখন আঁচনিৰ বিষয়ে ঘোষণা কৰে। আগৰতলাৰ স্বামী বিবেকানন্দ গ্রাউণ্ডত আয়োজিত এখন দলীয় সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰা চৰকাৰৰ এই বিশেষ আঁচনিৰ বিষয়ে ঘোষণা কৰে। মুখ্যমন্ত্রী বালিকা সমৃদ্ধি যোজনাৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালত জন্মগ্ৰহণ কৰা কন্যা শিশুসকলৰ বাবে চৰকাৰে বণ্ড হিচাপে ৫০ হাজাৰ টকাকৈ জমা কৰিব। কন্যা শিশুসকল প্রাপ্তবয়স্ক হোৱাৰ পাছত তেওঁলোকক শিক্ষা তথা অন্যান্য ক্ষেত্ৰত সা-সুবিধা প্ৰদান কৰাৰ বাবে মুঠ ১০ লাখ টকাকৈ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী কন্যা আত্মনিৰ্ভৰ যোজনাৰ অধীনত ত্ৰিপুৰাৰ ৰাজ্যিক শিক্ষা পৰিষদ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ তথা ভাৰতীয় মাধ্যমিক শিক্ষা প্ৰমাণপত্ৰ পৰীক্ষাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ১৪০গৰাকী ছাত্ৰীক দুচকীয়া বাহন প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী ড০ মানিক সাহাৰ নেতৃত্বত দুয়োখন আঁচনিৰ সূচনা কৰা হোৱা বুলি জে পি নাড্ডাই সদৰি
কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।