ৰাজ্য চৰকাৰে বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। কালি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে গ্রহণ কৰা সিদ্ধান্তৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত প্ৰকাশ কৰে। শিল্পীগৰাকীৰ জন্ম শতবার্ষিকীৰ উদ্যাপনৰ বছৰযোৰা কাৰ্যসূচীৰ অহা ৮ ছেপ্তেম্বৰত আৰম্ভ কৰাৰ বিষয়েও কালি মন্ত্রীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি ৰাজ্য চৰকাৰে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী নিয়াৰিকৈ পালন কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন ৫০ জনীয়া কমিটি গঠনৰ সিদ্ধান্ত লৈছে।
দেশৰ ৰাষ্ট্ৰপতি নাইবা প্রধানমন্ত্ৰীৰ উপস্থিতিত শতবর্ষ উদ্যাপনৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। শতবার্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী, নতুন দিল্লী, অৰুণাচল প্রদেশ, কলিকতা আৰু মুম্বাইত অনুষ্ঠিত হ’ব। তদুপৰি ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত এটা বিশেষ আন্তগাঁথনি প্রকল্প নাইবা অনুষ্ঠান নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। বিশিষ্ট ঔপন্যাসিক, সাংবাদিক অনুৰাধা শৰ্মা পুজাৰীৰ দ্বাৰা প্রনয়ন কৰা শিল্পীগৰাকীৰ চমু জীৱনী ৰাজ্যখনৰ ১০ লাখ ব্যক্তিলৈ প্ৰেৰণ কৰা হ’ব। ভাৰতবৰ্ষৰ সকলো ভাষালৈ এই জীৱনী অনুবাদ কৰি বিভিন্ন পুথিভড়াললৈ প্ৰেৰণৰ বাবেও মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰে। একেদৰে শিল্পীগৰাকীৰ নামত স্মাৰক মুদ্রা প্ৰৱৰ্তন কৰাৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকক অনুৰোধ জনোৱাৰ বাবে মন্ত্রীসভাই সিদ্ধান্তত উপনীত হয়। বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জীৱন সম্বলিত তথ্য চিত্ৰ অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কিংবদন্তি শিল্পীগৰাকীৰ সংগীত আৰু কৰ্মজীৱন সম্পৰ্কে শিক্ষানুষ্ঠানসমূহত আলাপ-আলোচনা, চৰ্চাৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
Site Admin | April 13, 2025 12:27 PM | assam cabinet
ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ বাবে অসম চৰকাৰৰ বিশেষ পৰিকল্পনা
