ডেমচ’ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছেঃ বিদেশ মন্ত্ৰ্যালয়

বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ডেমচ’ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে, ভাৰত আৰু চীনে সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰ অন্তিম পৰ্য্যায় সন্দৰ্ভত ২১ অক্টোবৰত সহমত প্ৰকাশ কৰিছিল। মুখপাত্ৰগৰাকীয়ে কয় যে, কাজানত অলপতে অনুষ্ঠিত উভয় দেশৰ নেতৃবৰ্গৰ মাজৰ বৈঠকত প্ৰকাশ কৰা সহমত অনুসৰি দুয়ো দেশৰ বিদেশ মন্ত্ৰী আৰু অন্য বিষয়া পৰ্য্যায়ৰ আলোচনাৰ ভিত্তিত চীনৰ সৈতে দ্বিপাক্ষিক সম্পর্ক পুনৰ গঢ়ি তোলা হ’ব।
ভাৰতীয় কোম্পানীৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত শ্ৰীজয়ছোৱালে কয় যে, সামৰিক ব্যৱসায় আৰু অস্ত্ৰৰ প্ৰসাৰ নিয়ন্ত্ৰণ সন্দৰ্ভত ভাৰতৰ আইনী আৰু নিয়ন্ত্ৰণ ব্যৱস্থা আছে। ভাৰত বহুজাতিক অস্ত্ৰৰ ৰপ্তানি নিয়ন্ত্ৰণ ব্যৱস্থা সম্পৰ্কীয় তিনিখন চুক্তিৰ সদস্য। এই চুক্তিৰ ভিতৰত বাচেনাৰ চুক্তি, অষ্ট্ৰেলিয়া গোট আৰু ক্ষেপণাস্ত্র প্রযুক্তি নিয়ন্ত্রণ চুক্তি আছে। তেওঁ কয় যে, ভাৰতে অনুমোদিত লেন-দেন আৰু ভাৰতীয় কোম্পানীসমূহে কোনো দেশৰ আইন উলংঘা কৰা নাই। এই সকলোবোৰ বিষয়ৰ সমাধানৰ বাবে ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে।
কানাডাত দীপাৱলী উদযাপন বাতিল কৰাটো দুর্ভাগ্যজনক বুলি মন্তব্য কৰি মুখপাত্ৰগৰাকীয়ে কয় যে, কানাডাত অহিষ্ণুতা আৰু উগ্ৰবাদ চৰম পৰ্য্যায়ত উপনীত হৈছে। ভিছা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ড০ জয়ছোৱালে কয় যে, নতুন দিল্লী মহলে সম্প্রতি কানাডাত থকা বিদ্যাৰ্থী আৰু অস্থায়ী শ্ৰমিকসকলৰ কল্যাণৰ বিষয়টো নিৰীক্ষণ কৰি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।