ডাউনলোড
মোবাইল এপ

android apple
signal

November 27, 2024 7:32 AM | DLC

printer

ডি এল চি অভিযানৰ তৃতীয় সংস্কৰণে অভিলেখ সংখ্যক ১ কোটিৰো অধিক লোকক সামৰি লৈছে : মন্ত্ৰী ড° জিতেন্দ্র সিং

পেঞ্চনাৰ আৰু বৃদ্ধ নাগৰিকৰ সুবিধাৰ বাবে প্ৰৱৰ্তন কৰা ডিজিটেল জীৱন প্ৰমাণ পত্ৰ, অৰ্থাৎ ডি এল চি অভিযানৰ তৃতীয় সংস্কৰণে অভিলেখসংখ্যক এক কোটিৰো অধিক লোকক সামৰি লৈছে। কৰ্মচাৰী, ওজৰ-আপত্তি নিস্পত্তি আৰু পেঞ্চন ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্র সিঙে এই বিষয়ে জানিবলৈ দিছে। ড০ সিঙে কয় যে এই অভিযানে জ্যেষ্ঠ নাগৰিকসকলৰ জীৱন-যাপন সহজ কৰাত সহায়ৰ হাত আগবঢ়াইছে। যোৱা ১ নৱেম্বৰত পৰা ভাৰতৰ ৮০০ খন চহৰ আৰু নগৰত এই অভিযান আৰম্ভ কৰা হয়। চলিত মাহৰ প্ৰথম ২৫ দিনৰ ভিতৰত সমগ্ৰ দেশতে এহেজাৰ নশটাৰো অধিক শিবিৰ অনুষ্ঠিত কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক