ডাউনলোড
মোবাইল এপ

android apple
signal

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট: প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে শতিকা শতিকা ধৰি জৈন সম্প্রদায়ে সৰলতা, সংযম আৰু বহন ক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ প্ৰচেষ্টা আৰু সফলতা অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁ কয় যে

গোলকীয় প্রতিষ্ঠানসমূহে নিজৰ লগতে আনৰো পথ মুকলি কৰা ভাৰতৰ প্ৰগতিৰ বাবেই দেশখনলৈ আশাৰে বাট চাইছে।

বিষয়টোক জৈন আদৰ্শৰ ৰজিতা খুৱাই শ্ৰী মোদীয়ে কয় যে পাৰস্পৰিক সহযোগিতাৰে জীৱন আগবাঢ়ে। তেওঁ কয়, যে এনেধৰণৰ দৃষ্টিভংগীৰ বাবেই ভাৰতৰ প্ৰতি বিশ্বৰ আকাংক্ষা বৃদ্ধি পাইছে আৰু দেশে নিজৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। শ্ৰী মোদীয়ে অধিক স্বদেশী সামগ্রী ক্রয় কৰিবলৈ আৰু আনকো এনে কৰিবলৈ উৎসাহ যোগাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷ নৱকাৰ মহামন্ত্ৰৰ আদৰ্শ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে জড়িত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জল সংৰক্ষণ, মাতৃৰ নামত এটি গছপুলি ৰোপণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ, ঘৰুৱা পৰ্যটন, জৈৱিক খেতি, সুস্থ জীৱনশৈলী, যোগাভ্যাস আৰু ক্ৰীড়া তথা দুখীয়া লোকক সহায়ৰ ৯টা সংকল্প ল’বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। ভাৰতীয় ইতিহাস আৰু আধ্যাত্মিক যাত্ৰাত জৈন ধৰ্মৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, যে জৈন সাহিত্য ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ ভেটি স্বৰূপ। পালি আৰু প্ৰাকৃত ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক জলবায়ু পৰিৱৰ্তনৰ বিপৰ্যয়ৰ বিষয়ে সকিয়াই দিয়ে। প্রধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়, যে নতুন ভাৰতে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে সুযোগৰ অন্বেষণত ব্ৰতী হৈছে আৰু বিশ্বক আধ্যাত্মিকতা পথ প্ৰদৰ্শন কৰিছে। বিকশিত ভাৰত দৃষ্টিভংগী সম্পৰ্কে মত প্ৰকাশ কৰি শ্ৰী মোদীয়ে বিকশিত ভাৰতৰ অৰ্থ উন্নয়নৰ লগতে ঐতিহ্যৰ বিকাশ বুলি অভিহিত কৰে। বিদেশৰ পৰা ঘূৰাই অনা ২০ গৰাকীৰো অধিক তীৰ্থংকৰৰ মূৰ্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, যে উন্নত ভাৰতে নিজৰ সংস্কৃতিৰো বিকাশ সাধন কৰিবলৈ লৈছে। শ্ৰী মোদীয়ে ভালেমান গুৰুত্বপূৰ্ণ সাহিত্য কৰ্মৰ ক্ষতি হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু এনে সমস্যাৰ জোৰা মৰাৰ বাবে চৰকাৰে শীঘ্ৰেই জ্ঞান ভাৰত অভিযান আৰম্ভ কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্রী মোদীয়ে ১০৮ খনৰো অধিক দেশৰ পৰা অহা জনসাধাৰণৰ সৈতে আধ্যাত্মিক প্ৰাৰ্থনা নৱকাৰ মহামন্ত্ৰ
জপ কৰে।

অধিক পঢ়ক

সকলো চাওক