জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এখন গাঁৱত যোৱা নিশা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলীত এজন সেনা জোৱান আহত হয়। আহত জোৱানজনক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ চুৰানকোট মহকুমাৰ লাছানা গাঁৱত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছত অঞ্চলটোত অভিযান চলোৱাৰ সময়ত দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয়। সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত অতিৰিক্ত বাহিনী নিয়োগ কৰা হৈছে আৰু সন্ত্রাসবাদী কেইটা যাতে পলাই যাব নোৱাৰে তাৰ বাবে তদন্ত অভিযানো অব্যাহত আছে।
Site Admin | April 15, 2025 2:30 PM | Jammu and Kashmir
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ গুলীয়াগুলীত এজন সেনা জোৱান আহত
