জম্মু-কাশ্মীৰত আখনূৰ খণ্ডত সন্ত্ৰাসবাদীয়ে আজি পুৱা সেনাবাহিনীৰ এখন বাহনক লক্ষ্য কৰি একাধিক গুলীচালনা কৰে। আকাশবাণী জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি জম্মু জিলাৰ আখনূৰ খণ্ডৰ বট্টাল এলেকাত বৰ্তমান নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলাই আছে৷ খোৰ বটল অঞ্চলৰ আছান মন্দিৰৰ সমীপৰ গাঁওবাসীয়ে অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে জনায়। আৰক্ষীৰ লগতে সেনাই গাঁওখনৰ লগতে কাষৰীয়া অঞ্চলসমূহ ঘেৰাও কৰি সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীৰ সন্ধান আৰু নিষ্ক্ৰিয় কৰাৰ অভিযান অব্যাহত ৰাখিছে।
Site Admin | October 28, 2024 7:44 PM
জম্মু-কাশ্মীৰৰ আখনূৰ খণ্ডত সেনাবাহিনীৰ বাহনত সন্ত্ৰাসবাদীৰ একাধিক গুলীচালনা
