ডাউনলোড
মোবাইল এপ

android apple
signal

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম আজি পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ’ব। তেওঁৰ লগত মন্ত্রী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া হৈছে শ্ৰীশ্বনমুগাৰত্নমৰ প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে অহা ১৭ আৰু ১৮ জানুৱাৰীত ওড়িশা ভ্ৰমণ কৰিব । ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ সন্মানার্থে এখন ভোজ মেলৰো আয়োজন কৰিছে। উল্লেখযোগ্য যে বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ভাৰত আৰু ছিংগাপুৰৰ ব্যাপক সহযোগিতা আছে। ৰাষ্ট্ৰপতি থৰমনৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ৬০ বছৰীয়া কূটনৈতিক সম্পৰ্কৰ জয়ন্তীও উদযাপন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক