মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ’বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এৰ সঞ্চালকৰ সৈতে আজি এখন বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ অনুসন্ধানত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত উত্তীৰ্ণ কেইগৰাকীমান শিক্ষার্থীয়ে অস্বাভাৱিকভাৱে বেছি নম্বৰ লাভ কৰাক লৈ এই বৈঠকৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে জাৰি কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়মৰ ক্ষেত্ৰত আপোচ নকৰিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ড০ শর্মাই অহা ৪ মেত হ’বলগীয়া এই পৰীক্ষা অত্যন্ত স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰি দেশৰ বাবে দৃষ্টান্ত দাঙি ধৰিবলৈ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্রীয়ে কয় যে এই পৰীক্ষাৰ সকলো কেন্দ্ৰ কেৱল চৰকাৰী বা চৰকাৰী সাহায্যপ্রাপ্ত মহাবিদ্যালয়ত হ’ব। পৰীক্ষাৰ সামগ্ৰী সৰবৰাহ, বিতৰণ আৰু জমা ৰখাৰ সৈতে সম্পর্কিত বিষয়সমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহত প্ৰাৰ্থীসকলৰ আধাৰ কাৰ্ড আধাৰিত বায়োমেট্ৰিক প্ৰমাণিকৰণ ব্যৱস্থা থাকিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
Site Admin | April 14, 2025 7:39 PM | Assam CM | NEET Exam
চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ’বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক
