ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্রই কয়, যে উত্তৰ পূৰ্বাঞ্চল, উত্তৰ-পশ্চিম আৰু দক্ষিণ উপদ্বীপ অঞ্চলৰ কেতবোৰ অংশৰ বাহিৰে দেশৰ অধিকাংশ ঠাইত এইবাৰ বাৰিষা কালত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই বছৰ এল-নিনোৰ দৰে পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা নাই বুলি তেওঁ প্ৰকাশ কৰে। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ধৰিত্ৰী বিজ্ঞান মন্ত্ৰ্যালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰনে কয়, যে এই বছৰ মে-জুন মাহত যোৱা বছৰৰ তুলনাত অধিক গৰম পৰাৰ সম্ভাৱনা আছে।
Site Admin | April 15, 2025 8:19 PM | IMD
চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা
