কয়লা মন্ত্ৰ্যালয়ে গুজৰাটৰ গান্ধীনগৰত কাইলৈ ব্যৱসায়িক ভিত্তিক কয়লা খনি আৱণ্টন আৰু ইয়াত বিনিয়োগৰ সুবিধাৰ সন্দৰ্ভত এটা ৰোড শ্ব’ৰ আয়োজন কৰিছে। ব্যক্তিগত বিনিয়োগকাৰীক আকৰ্ষণ আৰু বাণিজ্যিক কয়লা খনিৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰ্যালয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ কয়লা খণ্ডত ব্যক্তিগত খণ্ডৰ অংশীদাৰীত্ব বৃদ্ধি কৰা, ইয়াৰ লগত জড়িত উদ্যোগিক প্ৰতিষ্ঠান আৰু এই ক্ষেত্ৰত সম্ভাৱনা থকা বিনিয়োগকাৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলক একেলগ কৰাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যমন্ত্ৰী সতীশ চন্দ্ৰ ডুবে এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তেওঁ লগতে কয়লা মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ৰূপিন্দৰ ব্ৰাৰৰ লগতে মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। ব্যৱসায়িক কয়লাখনিৰ সম্প্ৰসাৰণৰ উদ্দেশ্যেৰে ইয়াৰ লগত জড়িত পক্ষসমূহক জড়িত কৰাৰ উদ্দেশ্যৰে মন্ত্ৰ্যালয়ে দেশৰ বিভিন্ন ঠাইত ৰোড শ্ব আয়োজন কৰিছে। মন্ত্ৰ্যালয়ে এই ৰোড শ্ব’ৰ দ্বাৰা কয়লাৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন পদক্ষেপসমূহ অৱগত কৰা, এই ক্ষেত্ৰত থকা নীতিসমূহক সমৰ্থন জনোৱা আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াত অংশগ্ৰহণকাৰীসকলে কয়লা খণ্ডৰ পৰ্যাপ্ততা, বিনিয়োগৰ সুবিধাসমূহ আৰু কয়লা উদ্যোগত ব্যৱসায় সহজসাধ্য কৰি তোলাৰ সন্দৰ্ভত সবিশেষ তথ্য লাভ কৰে। কয়লা উৎপাদনৰ লগত জড়িত বিশেষজ্ঞসকলে কয়লা উৎপাদনৰ অত্যাধুনিক প্রযুক্তি, বহনক্ষম পদক্ষেপসমূহ আৰু এটা স্বচ্ছ নীতি প্ৰস্তুত কৰি প্ৰতিযোগিতামূলক বজাৰ দখল কৰাৰ সন্দৰ্ভত সবিশেষ অৱগত কৰিব।
Site Admin | March 2, 2025 8:18 PM | Ministry of Coal
গুজৰাটৰ গান্ধীনগৰত কয়লা খনি আৱণ্টন আৰু ইয়াত বিনিয়োগৰ সুবিধা সন্দৰ্ভত কয়লা মন্ত্ৰ্যালয়ৰ ৰোড শ্ব’ৰ আয়োজন
