গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত আজিৰে পৰা ১৭ সংখ্যক নগৰীয়া গতিশীলতা ভাৰত সন্মিলন আৰু প্ৰদৰ্শনী আৰম্ভ হ’ব। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ে আযোজন কৰা তিনিদিনীয়া এই সন্মিলন গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে উদ্বোধন কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া, নীতি নিৰ্ধাৰক আৰু নগৰ পৰিবহন বিশেষজ্ঞকে ধৰি প্ৰায় ৩ হাজাৰ গণ্যমান লোক উপস্থিত থাকিব । গান্ধীনগৰৰ এই সন্মিলন সম্পর্কে কেন্দ্রীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব জয়দ্বীপে কয় যে, এই সন্মিলনখনে মূলতঃ নগৰীয়া গতিশীলতা সমাধানৰ মান আৰু ইয়াৰ একত্ৰিকৰণত গুৰুত্ব দিব। কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে সন্মিলনৰ শেষৰ খন সত্ৰত সভাপতিত্ব কৰিব। সামৰণি সত্ৰত উত্তম নগৰীয়া পৰিচালনাৰ বাবে ৮টা বিভিন্ন শাখাত মহানগৰসমূহক পুৰস্কৃত কৰা হ’ব।
Site Admin | October 25, 2024 11:08 AM | Gujrat Summit
গুজৰাটত ১৭ সংখ্যক নগৰীয়া গতিশীলতা ভাৰত সন্মিলন আৰু প্ৰদৰ্শনী আৰম্ভ
