যোৱা সোমবাৰে উমৰাংছ’ৰ তিন কিলোৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ চাৰি দিন অতিবাহিত হোৱাৰ পাছতো খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। উদ্ধাৰ কাৰ্যত নিয়োজিত নৌ সেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, সেনা বাহিনী, ক’ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আদি সকলো সংস্থাই এতিয়া কোনো শ্রমিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা অৱস্থা নাই বুলি ঘোষণা কৰিছে। বিশাখাপট্টনমৰ নৌ সেনা কমাণ্ডৰ পৰা অহা উদ্ধাৰকাৰী দলে কালিও উদ্ধাৰ কাৰ্যত দূৰ সংবেদী বাহন ব্যৱহাৰ কৰে আৰু ক’ল ইণ্ডিয়াই ব্যৱহাৰ কৰা উচ্চমানৰ পানী নিষ্কাষণ যন্ত্ৰৰে খনিৰ আভ্যন্তৰৰ পৰা পানী সিঁচাৰ কাম অব্যাহত ৰাখে। অসমৰ লগতে পশ্চিমবংগ আৰু নেপালৰ শ্রমিক আবদ্ধ হৈ থকাৰ বাতৰি ওলোৱাৰ লগে লগে তিন কিলোলৈ অহা শ্রমিক কেইজনৰ পৰিয়ালৰ লোকে অধীৰ আগ্ৰহেৰে প্ৰিয়জনক জীৱিত অথবা মৃত অৱস্থাত পোৱাৰ আশাৰে উদ্ধাৰ অভিযান স্থলীত প্ৰচণ্ড শীতকো নেওচি দিন-ৰাতি অতিবাহিত কৰিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি কালি নিশালৈ চলা অভিযানত কোনো মৃতদেহ উদ্ধাৰ কৰিব পৰা হোৱা নাই। নৌ সেনা, বায়ু সেনা আৰু অসম আৰক্ষীৰ নিৰৱিচ্ছিন্নভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বিশাখাপট্টনমৰ পৰা অনা বিশেষ যন্ত্ৰৰে কালি দিনৰ ভাগৰে পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আজিও আবদ্ধ শ্ৰমিকৰ সন্ধানত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাব। ইতিমধ্যে ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ সেনা বিষয়াকে ধৰি বহু জ্যেষ্ঠ অভিযন্তাই উদ্ধাৰ অভিযানৰ বাবে বাহৰ পাতি আছে।
ইফালে, কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে উমৰাংছ’ৰ খনি দুৰ্ঘটনাৰ প্ৰকৃত তথ্য চৰকাৰে দিয়া নাই বুলি অভিযোগ কৰিছে। উচ্চতম ন্যায়ালয়ে নিষিদ্ধ ঘোষণা কৰাৰ পাছতো কিদৰে ৰাজ্যখনত এন্দুৰৰ গাঁত সদৃশ গাঁত খান্দি অবৈধভাৱে কয়লা নিষ্কাষণ কাৰ্য চলাই থকা হৈছে, সেই বিষয়েও বিৰোধী দলসমূহে চৰকাৰৰ পৰা স্পষ্টিকৰণ দাবী কৰিছে।
Site Admin | January 10, 2025 1:43 PM | Umrangso Incident
উমৰাংছ’ৰ তিন কিলোৰ কয়লা খনিত শ্ৰমিকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত
