অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা ২৪ এপ্ৰিললৈ দৰ্পণ নামভৰ্তি প’ৰ্টেল মুকলি কৰিছে। পৰিষদৰ সংমণ্ডল ২ৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছাত্র-ছাত্রীসকলে www.darpan.ahseconline. in অথবা www.ahsec. assam.gov.in ৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব পাৰিব। অনলাইন আবেদন দাখিলৰ পাছত ২৫ৰ পৰা ২৬ এপ্ৰিলৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে যোগ্যতাৰ তালিকা আৰু অপেক্ষাৰত তালিকা প্রস্তুত কৰি ২৭ এপ্ৰিলত প্ৰকাশ কৰিব। শিক্ষাৰ্থীসকলে ২৭ৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত নিৰ্ধাৰিত শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগিব। শিক্ষানুষ্ঠানসমূহে ৩০ৰ পৰা ১০ মে’ৰ ভিতৰত দৰ্পণ প’ৰ্টেলত শিক্ষাৰ্থীসকলৰ নামভৰ্তি নিশ্চিত কৰিব লাগিব। অৱশ্যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নামভৰ্তি কৰিব নোৱাৰা শিক্ষাৰ্থীসকলৰ বাবে ১০ মে’ৰ পূৰ্বে পুনৰ ৫ দিনৰ বাবে দৰ্পণ নামভৰ্তি প’ৰ্টেল মুকলি কৰি দিয়া হ’ব বুলি নির্দেশনাটোত উল্লেখ কৰা হৈছে।
Site Admin | April 17, 2025 8:05 PM | 11th Admission
উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা দৰ্পণ নামভৰ্তি প’ৰ্টেল মুকলি
