ডাউনলোড
মোবাইল এপ

android apple
signal

উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰঃ গজেন্দ্ৰ সিং শেখাৱাট

পেহেলগামৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ পৰ্যটনৰ ক্ষেত্ৰখনত থকা সকলো দাঁগ আতৰাবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটে মন্তব্য কৰিছে।
নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় পুৰাতত্ত্ব উপদেষ্টা পৰিষদৰ ৩৮সংখ্যক বৈঠকত মন্ত্ৰীজনে এই মন্তব্য কৰিছে। বৈঠকত সভাপতিত্ব কৰা কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাষ্ট্ৰৰ ঐতিহ্য আৰু ঐতিহাসিক স্মৃতিসৌধসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতীয় শ্রীলংকাত শেহতীয়াকৈ চিকুনগুনিয়াৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছত দেশখনৰ স্বাস্থ্য মন্ত্রালয়ে সংক্রমণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰী লংকাৰ স্বাস্থ্য মন্ত্রী ডাঃ নালিন্দা জয়তিছাই কালি সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি এপিডেমিঅ’লজি কেন্দ্ৰটোৱে সমগ্ৰ পৰিস্থিতিটো নিৰীক্ষণ কৰি আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্রী লংকাত সাম্প্রতিক সময়ত ডেংগু আৰু চিকুনগুনিয়াক ধৰি কেইবাটাও ভাইৰাছজনিত ৰোগে এটা জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাৰ ফলত চৰকাৰে চিকিৎসালয় সমূহৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আৰু প্ৰয়োজন সাপেক্ষে অতিৰিক্ত কৰ্মচাৰীও নিয়োগ কৰিবলৈ কৰিছে। দেশখনৰ ৰতনপুৰা চিকিৎসালয়ৰ কৰ্মচাৰী সকলো এই সংক্রমনত আক্ৰান্ত হৈছে বুলি মন্ত্ৰীজনে উল্লেখ কৰিছে যদিও বৰ্তমানলৈকে দেশখনত সংক্রমনত আক্রান্ত ৰোগীৰ সংখ্যা চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই৷

অধিক পঢ়ক

সকলো চাওক