ডাউনলোড
মোবাইল এপ

android apple
signal

January 19, 2025 8:52 PM | israel hamas war

printer

ইজৰাইল আৰু হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতি চুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ

ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতি চুক্তি আজি গাজাৰ স্থানীয় সময় অনুসৰি দিনৰ ১১ বাজি ১৫ মিনিটত অর্থাৎ নিৰ্ধাৰিত সময়তকৈ ৩ ঘণ্টা পলমকৈ আৰম্ভ হয়। আন্তঃৰাষ্ট্ৰীয় মান সময় অনুসৰি পুৱা চাৰে ৬ বজা আৰু গাজাৰ স্থানীয় সময় অনুসৰি পুৱা চাৰে ৮ বজাত এই কাৰ্যসূচী আৰম্ভ হোৱাৰ কথা আছিল। এই চুক্তিৰ মধ্যস্থতাকাৰী কাটাৰে আজি যুদ্ধ বিৰতি চুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাটো নিশ্চিত কৰি কয়, যে চুক্তিৰ আধাৰত প্ৰাৰম্ভিক পৰ্যায়ত মুকলি কৰি দিবলগীয়া ৩ জন পনবন্দীৰ ভিতৰত দুজনমানৰ বিদেশী নাগৰিকত্ব আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম এক্স-ত দিয়া এটা বাৰ্তা অনুসৰি তেওঁলোকে নিৰ্দিষ্ট ব্যৱস্থাৰে মুকলি কৰি দিবলগীয়া পনবন্দীসকলৰ তালিকাখন লাভ কৰিছে। সুৰক্ষা সংস্থাসমূহে এই সন্দৰ্ভত সবিশেষ তথ্য পৰীক্ষা-নিৰীক্ষা কৰি আছে বুলি তেওঁ উল্লেখ কৰে। কেইবাটাও সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পোৱা মতে যুদ্ধ বিধবস্ত অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সূচনা হৈছে আৰু বিলম্ব হোৱা সত্বেও একাংশ পেলেষ্টাইনী লোকে স্বদেশলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্রদূত ৰিয়ুভেন আজাদে এই সন্দৰ্ভত কয়, যে এই চুক্তিয়ে পনবন্দীসকলক ঘূৰাই অনাৰ সম্ভাৱনা বহন কৰাৰ লগতে হামাছে ২০২৩ চনৰ ৭ অক্টোবৰত সংঘটিত কৰাৰ দৰে ভৱিষ্যতে যাতে ইজৰাইলীসকলক আক্ৰমণ কৰিব নোৱাৰে এই কথাও নিশ্চিত কৰিব।

অধিক পঢ়ক

সকলো চাওক