প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্ৰকাশ কৰি কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্রয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীর্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। বিমষ্টেকৰ ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় ত্বৰান্বিত হোৱা উচিত বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে বিমস্টেক চেম্বাৰ অব্ কমাৰ্চ স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰে তথা প্ৰতিবছৰে বিমষ্টেক বাণিজ্য শীৰ্ষ সন্মিলনৰ আয়োজন কৰাৰ বিষয়েও মত প্রকাশ কৰে। শ্ৰী মোদীয়ে বিমষ্টেক অঞ্চলত স্থানীয় মুদ্ৰাত বাণিজ্য কৰাত সুফল সন্দৰ্ভত সম্ভাৱনা মূলক অধ্যয়নতো প্ৰস্তাৱ আগবঢ়ায়।প্রধানমন্ত্ৰীগৰাকীয়ে তথ্য প্রযুক্তি খণ্ডৰ ঐশ্বর্যশালী সম্ভাৱনা ত্বৰান্বিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে ইয়াৰ জৰিয়তে প্রযুক্তিগতভাৱে বিমস্টেক শক্তিশালী হৈ উঠিব বুলিও মত প্রকাশ কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পই দুর্যোগ ব্যৱস্থাপনা খণ্ডত একত্ৰিত হৈ কাম কৰাৰ প্রয়োজনীয়তাক সূচাই বুলিও শ্ৰী মোদীয়ে মত প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতত দুর্যোগ ব্যৱস্থাপনাৰ বিমষ্টেক উৎকৰ্ষতা কেন্দ্ৰ স্থাপন কৰা হ’ব। শ্ৰী মোদীয়ে মহাকাশ খণ্ডতো সহযোগিতাৰ পোষকতা কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত মত প্ৰকাশ কৰে। সক্ষমতা নিৰ্মাণ ৰূপৰেখাৰ ক্ষেত্ৰত বিমষ্টেক উৎকৃষ্ট উদাহৰণ হৈ উঠিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। বোধী পদক্ষেপৰ অধীনত প্ৰতি বছৰে বিমষ্টেক দেশসমূহৰ পৰা ৩০০ গৰাকী যুৱক-যুৱক ভাৰতত প্ৰতিৰক্ষা প্ৰদান কৰা হ’ব বুলি তেওঁ সদৰী কৰে। এই শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ অৱসৰত শ্ৰী মোদীয়ে বাংলাদেশৰ মূখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
Site Admin | April 4, 2025 5:12 PM | Akashvani News | PM BIMSTEC | PMO Modi
আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চঃ প্রধানমন্ত্ৰী
