ডাউনলোড
মোবাইল এপ

android apple
signal

আজি বিশ্ব বন্যপ্ৰাণী দিৱস

আজি বিশ্ব বন্যপ্ৰাণী দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি গুজৰাটৰ জুনাগড় জিলাৰ ছাছন গীত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। এই উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তমখন বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ লগতে ভিন ভিন ৰাজ্যৰ সদস্য, বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি, ৰাজ্যসমূহৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু সচিবসকলেও অংশগ্ৰহণ কৰে। অসমতো আজি বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাৰ্যসূচী লোৱা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে দিয়া বাৰ্তাত বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত অসম গুৰুত্বসহকাৰে অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে, বন্যপ্ৰাণীৰ আভাসভূমিৰ সম্প্ৰসাৰণ, চোৰাং চিকাৰীৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি, বন সুৰক্ষাৰ বাবে বিশেষ বাহিনী গঠন, পশু চিকিৎসাৰ বাবে বিশেষ ক্লিনিক, বন্যপ্রাণী সংৰক্ষণৰ বাবে বাজেটত অধিক আৱণ্টন আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় যতনৰ লেখীয়া কেইবাটাও পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে।
বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি এই দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে গ্ৰহণ কৰা নীতিৰ ফলস্বৰূপে বিগত দশকত বাঘ, গঁড় আদিৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক