আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে – ৰাজস্থান ৰয়েলছক দুই ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮১ ৰাণৰ লক্ষ্যৰে খেলি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৭৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে সৰ্বাধিক ৭৪ ৰান কৰে। লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ হৈ আৱেশ খানে ৩টা উইকেট দখল কৰে। শার্দুল ঠাকুৰ আৰু এডেন মার্কৰমে এটাকৈ উইকেট লাভ কৰে। আৱেশ খানক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে টছক জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৮০ ৰাণ সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ এডেন মার্কমে ৬৪ আৰু আয়ুষ বদনীয়ে ৫০ ৰান কৰে। কালিৰ আন এখন খেলত গুজৰাট টাইটানছে দেলহি কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে ২০৪ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুজৰাটৰ হৈ যোশ বাটলাৰে ৫৪ টা বলত ৯৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দেলহি কেপিটেলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেটৰ বিনিময়ত ২০৩ ৰাণ কৰে। এই জয়ৰ সুবাদত গুজৰাট টাইটানছ প্রতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হৈছে। দেলহি কেপিটেলছ দ্বিতীয় স্থানত আছে।
প্রতিযোগিতাত আজি দুখন খেল খেলোৱা হ’ব। বিয়লি চাৰে তিনি বজাত চণ্ডিগড়ত হ’বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ, ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সন্ধিয়া চাৰে সাত বজাত হ’বলগীয়া দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছৰ সন্মুখীন হ’ব।
Site Admin | April 20, 2025 11:05 AM | IPL 2025
আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধ ৰাজস্থান ৰয়েলছ দুই ৰানত পৰাস্ত
