ডাউনলোড
মোবাইল এপ

android apple
signal

April 15, 2025 12:33 PM | IPL 2025

printer

আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ৫ উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত চেন্নাই ছুপাৰ কিংছৰ পৰাজয়ৰ ধাৰাবাহিকতাৰ অৱশেষত অন্ত পৰিছে। ক্রমাগত ৫ খন খেলত পৰাজিত হোৱা দলটো কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ৫ উইকেটত জয়ী হয়। লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৬৭ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অধিয়ানক ঋষভ পণ্টে সর্বাধিক ৬৩ ৰাণ কৰে। ৰবীন্দ্ৰ জাদেজা আৰু মাথিছা পাথিৰাণাই দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰাচিন ৰবীন্দ্ৰ আৰু ৰশ্বিদ শেখে ৫০ ৰাণৰ অপেনিং যুটীৰে চেন্নাইক সুন্দৰ আৰম্ভণি দিয়াৰ পাছত শিবম ডুবেই ৪৩ আৰু অধিনায়ক মহিন্দ্র সিং ধোনীয়ে ২৬ ৰাণ কৰি অপৰাজিত থাকি দলৰ বিজয় সুনিশ্চিত কৰে। মহেন্দ্ৰ সিং ধোনীলৈ প্লেয়াৰ অৱ মেচৰ বঁটা আগবঢ়োৱা হয় ৷
প্রতিযোগিতাত আজি পাঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ’ব। খেলখন চণ্ডীগড়ত সন্ধিয়া  ৭ঃ৩০ বজাত আৰম্ভ হ’ব। সম্প্ৰতি দুয়োটা দলেই ৬ পইণ্টকৈ লাভ কৰিছে যদিও উন্নত ৰাণ ৰেটৰ সুবাদত কলকাতা পাঞ্জাবতকৈ এটা স্থান আগুৱাই আছে। ইপিনে চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁলোকৰ দলত এটাকৈ সালসলনি কৰিছে। চেন্নাইয়ে আঘাতপ্রাপ্ত ৰুতুৰাজ গাইকোৱাৰ্ডৰ স্থানত আয়ুষ মাত্ৰেক আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে এডাম জাম্পাৰ স্থানত স্মৰণ ৰবিচন্দ্ৰনক দলত অন্তৰ্ভুক্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক