ডেলহি কেপিটেলছে যোৱানিশা বাংগালুৰুৰ এম. ছিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই. পি. এল. ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে। ডেলহি কেপিটেলছে ১৬৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত ৪টা উইকেট হেৰুৱাই ১৬৯ ৰান কৰে। ডেলহিৰ হৈ কে. এল. ৰাহুলে ৫৩টা বলত ৯৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ ভূৱনেশ্বৰ কুমাৰে দুটা উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে, বাংগালুৰু দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৬৩ ৰান কৰে। বাংগালুৰুৰ হৈ ফিল ছৰ্ট আৰু টীম ডেভিডে ৩৭ ৰানকৈ বৰঙণি আগবঢ়ায়। ডেলহিৰ হৈ ৱিপৰাজ নিগম আৰু কুলদ্বীপ যাদৱে দুটাকৈ উইকেট দখল কৰে। কে. এল. ৰাহুলক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰে।
প্ৰতিযোগিতাত আজি চেন্নাইৰ এম. এ. চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ইপিনে, চেন্নাই ছুপাৰ কিংছে অধিনায়ক মহেন্দ্র সিং ধোনীয়ে আই. পি. এলৰ এইবাৰৰ সংস্কৰণৰ বাকী খেল কেইখনত পূর্ণকালীন অধিনায়ক ৰুতুৰাজ গায়কোৱাডৰ স্থান ল’ব বুলি ঘোষণা কৰিছে। গায়কোৱাডক কিলাকূটিৰ আঘাতৰ বাবে বাকী কেইখন খেলৰ পৰা বাদ দিয়া হৈছে।
Site Admin | April 11, 2025 10:04 AM | IPL
আই পি এলত ডেলহি কেপিটেলছৰ হাতত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু ৬ উইকেটত পৰাস্ত
