ডাউনলোড
মোবাইল এপ

android apple
signal

অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে

♦ অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰৰ অধিবেশনত গৃহীত বিধেয়কসমূহ ৰাজ্যবাসীৰ কল্যাণৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব। এইবাৰৰ অধিবেশনত গৃহীত প্ৰতিখন বিধেয়কৰ সুকীয়া মৰ্যাদা থকাৰ লগতে ৰাজ্যবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই বিধেয়কসমূহ উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বিশেষকৈ মহিলা সৱলীকৰণ, থলুৱা কৃষ্টি, সংস্কৃতিৰ সুৰক্ষা আৰু আদিবাসী জনসাধাৰণৰ কল্যাণৰ দিশত এই বিধেয়কসমুহে সূদূৰপ্ৰসাৰি ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে এইবাৰৰ অধিবেশনত মুছলমান বিবাহ বাধ্যতামূলক পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ বিধেয়ক ২০২৪, অসম ভূমি আৰু ৰাজহ নিয়ামক সংশোধনী বিধেয়ক ২০২৪ ৰ উপৰি অসম অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি, বিভিন্ন সেৱা আৰু পদত নিযুক্তিৰ ক্ষেত্ৰত আসন সংৰক্ষণ বিধেয়ক, অসম চৰকাৰৰ ভাষা সংশোধনী বিধেয়ক, অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয়।

অধিক পঢ়ক

সকলো চাওক