ডাউনলোড
মোবাইল এপ

android apple
signal

অসম চৰকাৰৰ শিক্ষা সেতু এপলৈ প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা

■ ৰাজ্যখনৰ শিক্ষা খণ্ডত নতুনত্বৰ সঞ্চাৰ কৰা অসম চৰকাৰৰ শিক্ষা সেতু এপে প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ড° ওম প্রকাশে এই বঁটা গ্ৰহণ কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ ব্যৱস্থাপনাৰ দিশত স্বচ্ছতা আৰু গতি অনাৰ লক্ষ্যৰে আৰম্ভ কৰা শিক্ষা সেতু এপে শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি সুশৃংখলিত কৰি তোলাৰ উপৰি ৰাজ্যৰ বিদ্যালয়সমূহত সমতা ৰক্ষা কৰিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষা সেতু এপৰ এই সফলতাত আনন্দ প্ৰকাশ কৰি সমগ্ৰ শিক্ষা অভিযানৰ দলটোলৈ অভিনন্দন জনাইছে। এই ৰাষ্ট্ৰীয় স্বীকৃতিয়ে অসমৰ শিক্ষা খণ্ডক উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৰে সদিচ্ছাক অধিক দৃঢ় কৰি তুলিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
এই অনুষ্ঠানতে কালি তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাললৈ প্ৰশাসনীয় দিশত গ্ৰহণ কৰা উল্লেখনীয় ভূমিকাৰ বাবে প্রধানমন্ত্ৰীৰ উৎকৰ্ষতা বঁটা আগবঢ়োৱা হয়। জিলাসমূহৰ সামগ্রিক উন্নয়ন শাখাত দেশৰ ভিতৰতে তিনিচুকীয়া জিলা প্ৰশাসনে ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৰ্ষ বঁটা লাভ কৰে। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ আয়ুক্তগৰাকীয়ে বিগত বৰ্ষত প্ৰশাসনিক দিশত তেওঁৰ সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা লাভ কৰিছিল। জিলাখনত জাৱৰ নিষ্কাষণৰ ক্ষেত্ৰত লোৱা উদ্ভাৱনীমূলক পদক্ষেপৰ বাবে যোৱা মাৰ্চত দেশৰ এখন আগশাৰীৰ কাকতে সুপ্ৰশাসনৰ বাবে দেশৰ অন্যতম জিলা দণ্ডাধীশ হিচাপেও তেওঁক সন্মানিত কৰিছিল।

অধিক পঢ়ক

সকলো চাওক