মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
8:17PM

ৰাজ্যত কোৱিডৰ আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশলৈ বৃদ্ধি

File Photo
ৰাজ্যত কোৱিডৰ সংক্ৰমণ হ্ৰাস পাইছে। কালিৰ দিনটোত ২২৬জন লোকৰ নমুনা পৰীক্ষাৰ অন্তত ১১জনৰ দেহত কোৱিড-১৯ৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত ১৮জন কোৱিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈকে কোৱিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই ৭ লাখ ৩৫ হাজাৰ অতিক্ৰম কৰিছে। সেই অনুসাৰি বৰ্তমান কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশ হৈছে। ৰাজ্যত বৰ্তমান ২ হাজাৰ ৬৩৬জন চিকিৎসাধীন কোৱিড ৰোগী আছে।
        ৰাজ্যত এতিয়ালৈকে কোৱিড প্রতিষেধকৰ ৫ কোটি ৩৮ হাজাৰৰো অধিক পালি প্ৰদান কৰা হৈছে। ইয়াৰে ২ কোটি ৪৭ লাখ ৭৮ হাজাৰৰো অধিক প্ৰথম আৰু ২ কোটি ২০ লাখ ২৭ হাজাৰৰো অধিক দ্বিতীয় পালি হিচাপে দিয়া হৈছে। তদুপৰি ৰাজ্যত বৰ্তমানলৈকে ৩২,৩২,৮৯৮জন লোকক কোৱিডৰ সতৰ্কতামূলক পালি প্ৰদান কৰা হৈছে।
        ইপিনে, দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোৱিড প্ৰতিষেধক প্রদান অভিযানৰ অধীনত ২১৮ কোটি ৮২ লাখৰো অধিক পালি প্রতিষেধক দিয়া হৈছে। ইয়াৰ ভিতৰত কালি ২ লাখৰো অধিক পালি প্রতিষেধক প্ৰদান কৰা হয়।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1