মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
7:28PM

ৰাজ্যজুৰি পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

AIR
অসমীয়া জাতিৰ জনক, সমাজ ব্যৱস্থাৰ গুৰি ধৰোতা, সর্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আজি ৰাজ্যজুৰি পালন কৰা হৈছে। বিভিন্ন স্থানত এদিনীয়াৰ পৰা চাৰিদিনীয়াকৈ মহোৎসৱৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। একশৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠাতা, কবি, কথাশিল্পী, নাট্যকাৰ, চিত্রশিল্পী, সংগীতশিল্পী, ভাস্কৰ, সর্বোপৰি সমাজ সংস্কাৰক গুৰুজনাই ১৪৪৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰি নিজৰ অসামান্য প্রতিভা তথা সামর্থ্যৰ বলত জাতিটোৰ গুৰি ধৰাৰ মহান দায়িত্ব পালন কৰিছিল।
        আজি ৰাজ্যজুৰি ভিন ভিন কাৰ্যসূচীৰে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হৈছে। গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ বটদ্ৰৱা সত্ৰৰ পৰা আৰম্ভ কৰি সত্ৰনগৰী বৰপেটা, ঐতিহ্যমণ্ডিত নদীদ্বীপ মাজুলী আৰু কোচবিহাৰৰ ৰামৰাইকুঠি সত্ৰকে ধৰি বিভিন্ন ঠাইৰ সত্ৰ, নামঘৰ আদিৰ লগতে অন্যান্য স্থানতো কালিৰে পৰা তিনিৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ উদযাপন কৰা হৈছে। এই উপলক্ষে ঠায়ে ঠায়ে ঊষা কীৰ্তন, ভাগৱত শোভাযাত্রা, ভাওনা প্রদর্শন, নাম-কীৰ্তন আদিৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কালপানী বজাৰ নামঘৰ প্ৰাংগণত আজিৰে পৰা তিনিদিনীয়াকৈ মহাপুৰুষ জনাৰ জন্মোৎসৱ উদযাপন কৰা হৈছে। এই উপলক্ষে ভাগৱত শোভাযাত্রা, আয়তীৰ নাম, ঢুলীয়া কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। কোকৰাঝাৰ জিলাৰ ৰাসমেলা খেলপথাৰত দুদিনীয়াকৈ আয়োজিত মহোৎসৱ উপলক্ষে আজি ভকত-বৈষ্ণকসকলে নাম কীৰ্তন কৰে। মৰিগাঁও জিলাৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। এই উপলক্ষে মৰিগাঁও জিলা শাখাৰ উদ্যোগত ভাগৱত, শোভাযাত্ৰা উলিওৱাৰ লগতে নাম-প্ৰসংগ অনুষ্ঠিত হয়। বৰপেটা সত্ৰত আজি এই উপলক্ষে ভাগৱত ভ্ৰমণ কৰা হয়। কালিৰে পৰা সত্ৰত উদযাপন কৰা এই উৎসৱৰ উপৰি ৮, ৯ আৰু ১০ অক্টোবৰত বৰপেটা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত চূন পোৰা ভিঠি থান সত্ৰত জন্মোৎসৱ পালন কৰা হ'ব।
        মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এটা টুইটবার্তাত কৃষ্টি-সংস্কৃতি, সাহিত্য আৰু জ্ঞান চৰ্চাৰে অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্র জন্মোৎসৱত প্ৰণিপাত জনাই।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1